Psalms 99

1যিহোৱাই ৰজা; জাতিসমূহ কম্পিত হওঁক!
তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে;
পৃথিৱী কঁপি উঠক!
2চিয়োনত যিহোৱা মহান;
সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
3জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক;
তেওঁ পবিত্ৰ!


4যি ৰজা শক্তিশালী, তেওঁ ন্যায় ভাল পায়;

তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা;
তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায়বিচাৰ আৰু ধাৰ্ম্মিকতা সাধন কৰিলা।
5আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা,
তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা;
তেওঁ পবিত্ৰ!


6তেওঁৰ পুৰোহিতসকলৰ মাজত মোচি আৰু হাৰোণ আছিল;

যিসকলে তেওঁৰ নামত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ মাজত চমূৱেল আছিল।
তেওঁলোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল; তাতে তেওঁ উত্তৰ দিছিল।
7তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল;
তেওঁলোকে তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিছিল।

8হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা;

তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা,
তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা,
তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা:
কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।
9

Copyright information for AsmULB